Leader of the Opposition in the ALA Debabrata Saikia has urged Speaker Biswajit Daimary to…
ASTC ৰ পৰিচালন সঞ্চালক A.P Tiwari ক ব্যক্তিগত ভাৱে অশেষ ধন্যবাদ..
শিৱসাগৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ ষ্টেচন অধীক্ষকৰ পৰা পোৱা খবৰৰ আধাৰত, যোৱা ০৩ নবেম্বৰত দুপৰীয়া ১.৪০ বজাত ONGC ত কৰ্মৰত As-20/1330 বাছ খনে চাইকেল আৰোহী শ্ৰীমতী অল্পনা ডেকাক খুন্দিয়ায় । এই দুৰ্ঘটনাটোত দুৰ্ভগীয়া অল্পনা ডেকাৰ মৃত্যু হয়। অল্পনাৰ পৰিয়ালত তেওঁ একমাত্ৰ উপাৰ্জনকাৰী আছিল, যাৰ মৃত্যুৰ ফলত পৰিয়ালটো আৰ্থিকভাৱে জুৰুলা হৈ পৰিছিল।
Official Order Copy Sent by A.P. Tiwari
এই ঘটনাটোৰ খবৰ যেতিয়া মোৰ ওচৰলৈ আহিল, মই ব্যক্তিগত ভাৱে ASTC ৰ সংশ্লিষ্ট কৰ্তৃপক্ষক তেওঁলোকৰ বিভাগৰ যিকোনো এটা পদত ভুক্তভোগী পৰিয়ালৰ এজন সদস্যক নিযুক্তি দিবলৈ অনুৰোধ জনালোঁ। অৱশেষত ASTC ৰ পৰিচালনা সঞ্চালকে তেওঁলৈ জনোৱা অনুৰোধৰ প্ৰতি সঁহাৰি জনাই মৃত অল্পনা ডেকাৰ ভনীয়েক মনু ডেকাক অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয় সহায়কাৰী হিচাপে ঠিকা ভিত্তিত মাহে ৮০০০/- টকাকৈ ১১ মাহৰ বাবে নিযুক্তি দিয়ে। ইয়াৰ ফলত পৰিয়ালটোৱে সামান্য সকাহ লাভ কৰিলে। এই ছেগতে ASTC ৰ পৰিচালন সঞ্চালক A.P Tiwari য়ে মোৰ অনুৰোধ ৰক্ষা কৰি পৰিয়ালটোক সহায় কৰাৰ বাবে মই ব্যক্তিগত ভাৱে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।