Skip to content
+91 94351 00097 jintusaikia64@gmail.com

ভাৰত-চীন সীমান্তত হোৱা অস্থিৰ পৰিস্থিতিৰ ওপৰত প্ৰতিক্ৰিয়া:- দেৱব্ৰত শইকীয়া

চীনা সৈন্যই লাডাখৰ ভাৰত-চীন সীমান্তত আজি কিছুদিনৰ পৰা আগ্ৰাসন কৰি আছিল আৰু ২০জনকৈ আমাৰ সোনাক অতি নৃশংস ভাৱে হত্যা কৰিলে আৰু ১০ জন সেনাক বন্দী কৰি লৈ গ’ল। সেনাৰ মৃত্যুৰ খবৰ মিডিয়া আৰু বাতৰি-কাকতত প্ৰকাশ নোপোৱালৈকে ভাৰত চৰকাৰে আনুষ্ঠানিক ভাৱে চীনা সৈন্যৰ ভাৰতৰ মাটিত আগ্ৰাসন কিম্বা দুয়ো দেশৰ সেনাৰ মাজত হোৱা হতাহতিৰ কথা জনোৱা নাছিল। তাৰ উপৰিও প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱা কালি সৰ্বদলীয় বৈঠকতো এই কথা অস্বীকাৰ কৰে। কিন্তু একেসময়তে চীন চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে, আমি আমাৰ ভূমি আমাৰ নিজৰ হাতলৈ আনিছো।

ইতিমধ্যে বিভিন্ন স্বতন্ত্ৰ সংস্থাইও প্ৰকাশ কৰিছে যে, চীনা সৈন্যই ভাৰত-চীনৰ মাজত থকা LAC(Line Of Actual Control) অতিক্ৰম কৰি ভাৰতৰ মাটিত প্ৰৱেশ কৰিছে আৰু আমাৰ দেশৰ মাটিত নিজৰ অধিকাৰ সাব্যস্ত কৰিছে।

চৰকাৰে কিছু তথ্য বিৰোধী তথা সমগ্ৰ ভাৰতবাসীৰ পৰা লুকাই ৰাখিছে যেন অনুভৱ:

📌 চীনা সৈন্যৰ ভাৰতৰ ভূমিত আগ্ৰাসন আমাৰ কাষৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশতো বহুবছৰৰ পৰাই প্ৰায় ২০১৭ চন মানৰ পৰা চলি আছে। এই কথা খোদ বিজেপি দলৰ সাংসদ ‘তাপিৰ গাও’ ডাঙৰীয়াই স্বীকাৰ কৰিছে ।

📌 ইয়াৰ পূৰ্বে ডোকলামত চীনা আৰু আমাৰ দেশৰ সৈন্যৰ মাজত সীমান্তত তহল দিয়া সন্দৰ্ভত টানা-আজোৰা হৈছিল। এই কথাও প্ৰথমে ভাৰত চৰকাৰে অস্বীকাৰ কৰিছিল কিন্তু পিছত যেতিয়া ৰক্ষা মন্ত্ৰী নিজেই উক্ত স্থানত উপস্থিত হ’ব লগীয়া হ’ল তেতিয়া আনুষ্ঠানিক ভাৱে এই কথা সকলোৰে পোহৰত আহে।

বিজেপি দলৰ শাসন কেন্দ্ৰত যোৱা ৬ বছৰ ধৰি আছে আৰু তাৰ পিছতো চীনৰ ভাৰতীয় ভূমিত আগ্ৰাসন চলি থকাটোৱে চৰকাৰৰ কূটনৈতিক, বৈদেশিক, অৰ্থনৈতিক তথা ৰাজনৈতিক দিশৰ অসফলতাক প্ৰতিপন্ন কৰিছে যেন মোৰ অনুভৱ হৈছে।

ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষাৰ স্বাৰ্থত আমি সকলোৱে চৰকাৰৰ লগত আছোঁ। ৰাজনীতিৰ উৰ্দ্ধত থাকি চৰকাৰৰ প্ৰতিটো সিদ্ধান্তত আমাৰ সহাৰি আছে। যিকোনো মূল্যত আমি আমাৰ দেশৰ সীমান্ত সুৰক্ষিত কৰি ৰাখিবই লাগিব। ইয়াত কাৰো দ্বিমত থাকিব নোৱাৰে। ইয়াৰ আগতেও যেতিয়া পাকিস্তানে ভাৰতৰ সীমাত প্ৰবেশ কৰি আমাৰ সৈন্যক আক্ৰমণ কৰিছিল আমি সকলোৱে চৰকাৰৰ লগত আছিলোঁ।

চৰকাৰৰ ওচৰত মোৰ অনুৰোধ যে, চীনা সীমান্তত প্ৰাণ আহুতি দিয়া আমাৰ বীৰ জোৱান সকলৰ তেজৰ মূল্য আমি অথলে যাব দিব নোৱাৰোঁ আৰু তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ল’বলগীয়া যিকোনো পদক্ষেপত আমাৰ সহাৰি আছে আৰু চৰকাৰে আগলৈ এনেকুৱা কাণ্ড সংঘটিত নহ’বলৈ সমগ্ৰ জনসাধাৰণক আশ্বস্ত কৰক।

Back To Top